Posts

অগতানুতিক শিক্ষা কি? অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা !

  Q:- অগতানুতিক শিক্ষা কি? অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ! ANS:-   অগতানুগতিক শিক্ষা  হৈছে এজন শিক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ বাবে পৰম্পৰাগত পাঠ্যক্ৰম আৰু শিক্ষাৰ পদ্ধতিৰ বাহিৰৰ শিক্ষা পদ্ধতি। ইয়াত শিক্ষাৰ্থীসকলে সৃজনশীলতা, ব্যৱহাৰিক জ্ঞান, আৰু প্ৰকৃত জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শিক্ষা লাভ কৰে। অগতানুগতিক শিক্ষাৰ গুৰুত্ব : সৃজনশীলতা আৰু উদ্ভাৱনী শক্তি বঢ়োৱা : এই শিক্ষাই শিক্ষাৰ্থীসকলক সৃজনশীল আৰু উদ্ভাৱনী চিন্তাৰ বিকাশ ঘটাবলৈ উৎসাহিত কৰে, যাৰ দ্বাৰা তেওঁলোকে নতুন সমস্যাৰ সমাধান উলিয়াব পাৰে। ব্যক্তিগত আগ্ৰহৰ বিকাশ : এই শিক্ষাই শিক্ষাৰ্থীসকলক নিজৰ আগ্ৰহ আৰু প্ৰাৰ্থমিকতাক অনুসৰি শিকাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ ফলত, তেওঁলোকে নিজৰ আগ্ৰহৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিব পাৰে। বৈচিত্র্যময় পাঠ্যক্ৰম : অগতানুগতিক শিক্ষা এক বৈচিত্র্যময় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে, য'ত পৰম্পৰাগত বিষয়ৰ বাহিৰে নতুন বিষয়বস্তু, বিশেষকৈ ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়সমূহ অন্তৰ্ভুক্ত থাকে। প্ৰকৃত জীৱনৰ বাবে প্ৰস্তুতি : এই শিক্ষাই শিক্ষাৰ্থীসকলক দৈনন্দিন জীৱনৰ সমস্যাবোৰ সলনি কৰাটো কেনেকৈ...

জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতা সকলক আনন্দৰামে কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল?

 ১/ জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতা  সকলক আনন্দৰামে কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল? উত্তৰ:-  আনন্দৰাম বৰুৱাই প্ৰকৃত জ্ঞানৰ অধিকাৰী হৈ জন্মলাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিছিল। জন্মদাতা, লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতা সকল দেশ বা সমাজৰ প্ৰতি কৃতজ্ঞ আছিল। দেশে-বিদেশে শিক্ষা লাভ কৰি অগাধ পণ্ডিত  হৈ উঠা বা ৰজাঘৰীয়া ডাঙৰ বিষয় পোৱা সত্ত্বও তেওঁৰ সেইসকলৰ প্ৰতি থকা ভক্তি আৰু কৃতজ্ঞতা কমা নাছিল। সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিত সকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লিখিছিল। তথাপি তেওঁ দুৰ্লভে  শ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল। এনেদৰেই আনন্দৰামে জন্ম দিওঁতা আৰু ডাঙৰ-দীঘল কৰোঁতা সকলৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল।  

Class 12 MIL Assamese :- Lesson: 2 , মগনিয়াৰ Questions and Answers

 প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।  উত্তৰ:- এদিন কবিয়ে বাটেদি গৈ থাকতে বুঢ়া হাড়-ছাল ওলোৱা বেমাৰী মগনিয়াৰ এজন কবিৰ ওচৰত থিয়ো হয় । মগনিয়াৰ ওঁঠ শেঁতা ,চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। সি অপৰিস্কাৰ হাত খন মেলি কবিক সহায় খুজিলে । কবিৰ লগত মগনিয়াৰক দিবলৈ একো নাছিল , আনকি এখন ৰুমালো নাছিল সেইবাবে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি তেওঁৰ লগত যে দিবলৈ একোৱেই নাই তাকে কৈ ক্ষমা বিচাৰিলে। মগনিয়াৰ জনে আচৰিত হৈ কবিৰ ফালে চাই হাঁহি কবিৰ হাত দুখনত ধৰি কষ্টৰে তেওঁৰ পৰা পোৱা আন্তৰিকতাই এক দান বুলি কৈ ধন্যবাদ জনালে । মগনিয়াৰৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ হৈ কবিওঁ যেন কিবা এটা দান পোৱা যেন অনুভৱ কৰিলে ।  প্ৰশ্ন:- যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?  উ:-বনফুলৰ কবি । প্ৰশ্ন:-‘ওমৰ তীর্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? উ:-উফাৰ্চী‘ ৰুবায়ত ’ পুথিৰ ভাবানুবাদ । ৪/ উখহা শব্দৰ অৰ্থ কি?  উ:- ওফন্দি বা ফুলি উঠা । ৫/ কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ? উ:- ১৮৯২ চনত ।  ৬/ মগনিয়াৰ শব্দৰ অৰ্থ কি?  Ans:- ভিক্ষাৰী, মাগি খাওঁতা । ৭/ অসমীয়া সাহিত...

প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।

প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।  উত্তৰ:- এদিন কবিয়ে বাটেদি গৈ থাকতে বুঢ়া হাড়-ছাল ওলোৱা বেমাৰী মগনিয়াৰ এজন কবিৰ ওচৰত থিয়ো হয় । মগনিয়াৰ ওঁঠ শেঁতা ,চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। সি অপৰিস্কাৰ হাত খন মেলি কবিক সহায় খুজিলে । কবিৰ লগত মগনিয়াৰক দিবলৈ একো নাছিল , আনকি এখন ৰুমালো নাছিল সেইবাবে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি তেওঁৰ লগত যে দিবলৈ একোৱেই নাই তাকে কৈ ক্ষমা বিচাৰিলে। মগনিয়াৰ জনে আচৰিত হৈ কবিৰ ফালে চাই হাঁহি কবিৰ হাত দুখনত ধৰি কষ্টৰে তেওঁৰ পৰা পোৱা আন্তৰিকতাই এক দান বুলি কৈ ধন্যবাদ জনালে । মগনিয়াৰৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ হৈ কবিওঁ যেন কিবা এটা দান পোৱা যেন অনুভৱ কৰিলে ।

ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল?

 ১/ 'ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল? উ:- এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিবলৈ কবিৰ লগত একো নাছিল । কবিয়ে মগনিয়াৰৰ দুহাতত সাবটি একো দিব নোৱাৰাৰ বাবে ক্ষমা খুজিবলৈ এই প্ৰসংগ কৰিছিল । 

মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছিল ?

 ১। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছিল ? উ:-এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিব নোৱাৰি মগনিয়াৰৰ হাত দুখন সাবটি ধৰি ক্ষমা খুজিলে । মগনিয়াৰে ওলোটাই কবিৰ দুয়ো হাতত ধৰি তেওঁৰ পৰা পোৱা আন্তৰিকতাৰে বিশেষ দান বুলি ক'লে ।

ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

Q:-  ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা । Ans :- ওমৰ খায়াম এজন ফার্চী ছুফী কবি । তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত ।  

:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত ।

প্ৰশ্ন:- লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত । Ans:- লক্ষ্মীনাথ বেজবৰুৱাক ডিব্ৰুগড়ৰ ডেকা সকলৰ নাট্যচৰ্চাই বিশেষভাৱে আাকৰ্ষণ কৰিছিল। বেজবৰুবাই গুৰুত্ব দিছিল। কিন্তু অসমীয়া ভাষাত তেনে নাটকৰ সংখ্যা আছিল অতি কম। বিদেশী ভাষাৰ নাটক অসমীয়ালৈ ভাংনি কৰি মঞ্জস্থ কৰা কথাটো তেওঁ বৰ ভাল নাপালেও একেবাৰে অভিনয় নকৰাটোও সমৰ্থন কৰা নাছিল। বিদেশী নাটক পকৃত অসমীয়ালৈ অনূবাদ হলেহে অসমীয়া সাহিত্য সমৃব্ধ হব বুলি তেওঁ ভাবিছিল। তাকে নকৰি আধাকেছেলুৱা ভাষা সংস্কৃতিৰ প্ৰচলন হ'লে সি অসম তথা  অসমীয়াৰ ক্ষতিহে কৰিব।                  এসময়ত কলিকতা নিবাসী কেইগৰাকীও অসমীয়া ছাত্ৰই লগহৈ শ্বেক্সপীয়েৰৰ Comedy of errors নাটকখন 'ভ্ৰমৰংগ ' নামৰ অসমীয়ালৈ অনবাদ কৰিছিল সৰ্ববাধাৰণক আকৃষ্ট কৰিব পৰা ধাৰণৰ বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সজ-পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিয়াত বেজবৰুবাই বিচাৰে।

কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।

 ১/ কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।  উ:- কথা - কবিতা এবিধ কবিতাই , ই ব্যঞ্জনাময়ী গদ্যত ৰচিত ।  কথা - কবিতা হৈছে গদ্যত লিখা একপ্ৰকাৰৰ কবিতা ।  ইয়াৰ ( ক) কথা - কবিতাত ৰূপক সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাকি ।  ( খ ) কথা - কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত ।

যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

 ১/ যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ? উঃ বনফুল 

যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

 :- যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?  উ:-বনফুলৰ কবি ।  

ওমৰ তীর্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?

১/ ‘ ওমৰ তীর্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?  উ:- ফাৰ্চী‘ ৰুবায়ত ’ পুথিৰ ভাবানুবাদ ।  

কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?

১। কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ? উ:-  ১৮৯২ চনত । 

শেতা শব্দৰ অৰ্থ কি?

 ১/ শেতা শব্দৰ অৰ্থ কি? উ:- ঢেলা , তেজ নথকাৰ হেতু বগা ।

উৰ্মাৰ শব্দৰ অৰ্থ কি?

 ১/ উৰ্মাৰ শব্দৰ অৰ্থ কি? উ:- ৰুমাল ।

উখহা শব্দৰ অৰ্থ কি?

 ১/ উখহা শব্দৰ অৰ্থ কি?  উ:- ওফন্দি বা ফুলি উঠা ।

মগনিয়াৰ শব্দৰ অৰ্থ কি?

১/ মগনিয়াৰ শব্দৰ অৰ্থ কি?  Ans:- ভিক্ষাৰী, মাগি খাওঁতা ।

অসমীয়া সাহিত্যত প্রথম কথা - কবিতা ৰচনা কৰা কবিগৰাকী কোন ?

 ১। অসমীয়া সাহিত্যত প্রথম কথা - কবিতা ৰচনা কৰা কবিগৰাকী কোন ?  Ans:- যতীন্দ্র নাথ দুৱৰা ।

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।

 Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা। Ans:- বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষমানৱশক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰনৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলকক অন্য উপায় দিয়াৰ ব্যবস্থা কৰা। শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰবনতা শক্তিশালী কৰা উচিত।

প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা।

 প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা।  Ans:- মিলৰ প্ৰথম সংজা অনুযায়ী ঘটনা বা ঘটনাবলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো ঘটনা এটা নিয়মভাবে আৰু চৰ্তহীনভাবে সংঘটিত হয় তেনেহ'লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আৰু পৰবৰ্তী ঘটনাক কাৰ্য বোলে।                দ্বিতীয় সংজ্ঞা অনুযয়ী কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকাৰণৰ সমষ্টি।