Class 12 Education Question Answer - Long Questions and Answer প্ৰশ্ন:- মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত? Ans:-মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠ। বয়ঃসন্ধি কালৰ বাবে যি যি শিক্ষা ব্যবস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে। মাধ্যমিক শিক্ষাৰ স্তৰটো এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ স্তৰ। মাধ্যমিক শিক্ষাৰ মানব জীবনৰ বিকাশৰ তৃতীয় স্তৰটোৰ লগত জড়িত। এই স্তৰটো অৰ্থনৈতিক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ কাৰণে ইয়াৰ ওপৰত শিক্ষাবিদ সকলে অধিক মনযোগ দিছিল। প্ৰশ্ন:- শিক্ষাক উৎপাদন শীলতাৰ লগত সম্পৰ্কিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োবা পৰামৰ্শসমূহ কি কি আছিল? ANS:-ক)কৰ্ম অভিজ্ঞাতা:- কোঠাৰী আয়োগ মত পোষণ কৰে যে কৰ্ম অভিজ্ঞাতা সাধাৰণ আৰু বৃত্তিমূলক সকলবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে। খ)বিজ্ঞান ভিত্তক শিক্ষা:- বিজ্ঞান শিক্ষা স্কুলিয়া শিক্ষাৰ অংগস্বৰূপ হ'ব লাগে। বিজ্ঞান প্ৰয়োগৰ যোগেদি দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি কৰি তুলিব লাগে ...
প্ৰশ্ন:- পৰিসংখ্যা বিজ্ঞান মানে কিয় ? Ans:- যি বিজ্ঞানে বা জ্ঞানৰ শাখাই সংখ্যামূলক তথ্য ঘটনা সংগ্রহ কৰি তাক তুলনামূলক ভাৱে সুসংবদ্ধ কৰে বিশেষভাৱে সেইবােৰক উপস্থাপন কৰি তাৰ বিশ্লেষণ আৰু তাৎপৰ্য ব্যাখ্যা কৰে তাক পৰিসংখ্যা বিজ্ঞান বলে । পৰিসংখ্যাবিজ্ঞানৰ প্রধান কাম হল সংখ্যামূলক তথ্য সংগ্রহ আৰু তাক সংখ্যাৰ সহায়ত প্রকাশ কৰা । প্ৰশ্ন:- গড়ৰৰ সুবিধা আৰু অসুবিধা বিষয়ে লিখা । Ans:- গড়ৰ সুবিধা :- • গড়ৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া । • গড়ে সকলাে ৰাশিকে প্রতিনিধিত্ব কৰে । • গড় কেন্দ্রীয় প্রৱণতাৰ এক নিৰ্ভৰযােগ্য জোখ । • গাণিতিক গড়ৰ অনেক বীজগাণিতিক ব্যৱহাৰ আছে । • গড় এক সুস্থিৰ জোখ । = গড়ৰ অসুবিধা :- • কেৱল পর্যবেক্ষণৰ পৰাই গাণিতিক গড় নির্ণয় কৰিব নােৱাৰি । •চৰম মানৰ প্রতি গড় সংবেদশীল । •অতি বেছি পৰিমাণে অসমমিত বিতৰণৰ ক্ষেত্ৰত কেন্দ্রীয় প্রৱণতাৰ জোখ হিচাবে গড় প্রশস্ত নহয় । প্ৰশ্ন:- মধ্যমা কাক বোলা হয় ? Ans:- মধ্যমা ( Median ) : কেন্দ্রীয় প্রৱণতাৰ দ্বিতীয় জোখ হৈছে মধ্যমা বিন্যস্ত সামগ্ৰীৰ মধ্যম...
Comments
Post a Comment