Lesson:-কাৰ্য-কাৰণ ভিধি

 Lesson:-কাৰ্য-কাৰণ ভিধি 


প্ৰশ্ন:-এৰিষ্টট'লৰ মতে নিমিত্ত কাৰণ কাক বোলে?

Ans:- কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাক নিমিত্ত কাৰণ বোলে।

উদাহৰণ স্বৰূপে, শিপিনীয়ে সূতাৰ পৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে। এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰ দিয়া হয় সেয়ে কাপোৰখনৰ আকাৰগত কাৰণ।


প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা। 

Ans:- মিলৰ প্ৰথম সংজা অনুযায়ী ঘটনা বা ঘটনাবলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো ঘটনা এটা নিয়মভাবে আৰু চৰ্তহীনভাবে সংঘটিত হয় তেনেহ'লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আৰু পৰবৰ্তী ঘটনাক কাৰ্য বোলে।

              দ্বিতীয় সংজ্ঞা অনুযয়ী কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকাৰণৰ সমষ্টি।


প্ৰশ্ন:- কাৰ্য-কাৰণ বিধি কাক বোলে?

Ans:- বিশ্ব প্ৰকৃতিৰ কোনো ঘটনাই আকস্মিক নহয়। প্ৰত্যকটো ঘটনাৰ অন্তৰালয়ত আৰু এটা কাৰণ নিহিত হৈ থাকে। কাৰণ অবিহনে কোনো কাৰ্য সংঘটিত হ'ব নোৱাৰে। ইয়াকে কাৰ্য কাৰণ বিধি বুলি কোৱা হয়।


প্ৰশ্ন:- নানকাৰণবাদ আৰু কাৰণ সযন্বয়ৰ মাজত পাৰ্থক্য লিখা।

Ans:- (১) নানাকাৰণবাদ মতে, কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে। কিন্তু কাৰণ সমন্বয়ত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰ পৃথকে কাৰ্যত সম্পাদন কৰিব নোৱাৰে।

(২)নানাকাৰণবাদ এক ভ্ৰান্ত ধাৰণা, কিন্তু কাৰণ সমন্বয় ভ্ৰান্ত ধাৰণা নহয়।


প্ৰশ্ন:- এৰিষ্টটলৰ মতে আকাৰগত কাৰণ কাক বোলে?

Ans:- কোনো কাৰ্য উৎপন্ন কৰোতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাক আকাৰগত কাৰণ বোলে। বস্তু এটা উৎপন্ন হোৱাৰ পিছত সেই বস্তুটোত এটা নতুন ৰূপ দেখা যায়। ৰূপ অবিহনে বস্তুৰ অস্তিত্ব অসম্ভব। উদাহৰণ স্বৰূপে, শিপিনীয়ে সূতাৰ পৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে। এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰ দিয়া হয় সেয়ে কাপোৰখনৰ আকাৰগত কাৰণ।


প্ৰশ্ন:- এৰিষ্টট'লৰ মতে পৰিণাম বা উদ্দেশ্য কাৰণ কাক বোলে?

Ans:- যি উদ্দেশ্য আগত ৰাখিয়েই কোনো এটা কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে। এক আাদৰ্শ আগত ৰাখিয়েই কোনো এটা কাৰ্য উৎপন্ন কৰা হয়। সেয়েহে আদৰ্শ হিচাপে উদ্দেশ্যটো কাৰণটোত অন্তৰ্নিহিত হৈ থাকে উদাহৰণ স্বৰূপে, কাপোৰখন যেতিয়া সূতাৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া উদ্দেশ্যৰেহে কৰা হয়।


প্ৰশ্ন:- এৰিষ্টটলৰ মতে উপাদান কাৰণ কাক বোলে?

Ans:- যি দ্ৰব্য বা পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয় তাক উপাদান কাৰণ বোলে। উদাহৰণ স্বৰূপে, কাপোৰ এখন তৈয়াৰ কৰোতে শিপিনীয়ে ব্যবহাৰ কৰা সূতাখিনিয়েই হৈছে উপাদান কাৰণ।


প্ৰশ্ন :-অনুকুল আৰু প্ৰতিকূল উপকাৰণৰ বিষয়ে চমুোকা লিখা।

Ans:- যি উপাদাণৰ সহায়ত কাৰ্যত ঘটে তাক অনুকূল উপকাৰণ বোলে। অনুকুল উপকাৰণৰ উপস্থিতিত কাৰ্যটো ঘটে।

          যি উপকাৰণৰ সহায় অবিহনে কাৰ্যত ঘটে তাক প্ৰতিকুল উপকাৰণ বোলে। প্ৰতিকুল উপকাৰণৰ অনুপস্থিতত হে কাৰ্যটো ঘটে। প্ৰতিকুল উপকাৰণে কাৰ্য উপাদানৰ ক্ষেত্ৰত বাধা কৰে।

             অনুকুল আৰু প্ৰতিকুল উপকাৰণৰ সমষ্টিতহে কোনো এটা কাৰ্য সংঘটিত হয়। উদাহৰণ স্বৰূপে কোনো এজন মিস্ত্ৰী কাম কৰি থাকতে চাদৰ পৰা পৰি মৃত্যু হ'ল। মেস্ত্ৰীজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত চাদৰখনৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত দুখ পোৱা আদিবোৰেই হ'ল অনুকুল উপকাৰণ। আানহাতে তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা পোৱা সহায় , সু-চিকিৎসা পোৱা ইত্যাদিবোৰ হ'ল প্ৰতিকুল উপকাৰণ।


 প্ৰশ্ন:- কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ বিষয়ে চমু টোকা লিখা।

Ans:- একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটি জটিল কাৰ্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। উদাহৰণ স্বৰূপে , এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহু কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ।

         পানী,চেনি, চাহপাত , গাখীৰ, আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি। প্ৰথম উদাহৰণটোত কেইজনমান খেলুবৈৰ সন্মিলিত চেষ্টাত মেচখন জিকা কাৰ্য সম্পাদিত হৈছে। দ্ধিতীয় উদাহৰণটোত কেইবাটাও উপাদান সমন্বয়ত চাহ প্ৰস্তুত কৰা কাৰ্য সম্পাদিত হৈছে। সেয়েহে খেলুবৈ কেইজনৰ সন্মিলিত চেষ্টা আৰু কেইবাটাও উপাদনৰ সমন্বয় এই দুয়োটাই কাৰণ সমন্বয় বা কাৰণ সংযোজন।

           সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্যৰ সংমিশ্ৰণ বোলে।উদাহৰণ স্বৰূপে, এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজন নহয় বহুত কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ। খেলুবৈকেইজনৰ দক্ষতা এজন এজনকৈ নাথাকি সন্মিলিতভাবে কাৰ্যটোত সংমিশ্ৰিত হৈ পৰিছে। চাহ প্ৰস্তুত কৰোতে উপাদানবোৰ বেলেগ বেলেগ নাথাকি একত্ৰিতভাবে কাৰ্যটো সম্পাদন কৰিছে। গতিকে মেচখন জিকা আৰু চাহ প্ৰস্তুত কৰা দুয়োটাই কাৰ্য সংমিশ্ৰণ।


Comments

Popular posts from this blog

মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

পৰিসংখ্যা বিজ্ঞান মানে কিয় ?

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।