Class 12 Logic and philosophy Answer প্ৰশ্ন:- প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? ইয়াক আগমনৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয়?
Class 12 Logic and philosophy Answer প্ৰশ্ন:- প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? ইয়াক আগমনৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয়?
Ans:- প্ৰকৃতিৰ একৰূপতা বিধি মানে হ'ল একে অবস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে।
আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এটা সাৰ্বিক সিদ্ধান্তত উপনীত হোৱা যায়। এই সিদ্ধান্ত পৰ্যবেক্ষণৰ জৰিয়তে সকলো সময়তে সিদ্ধান্তত হ'ব নোৱাৰি। প্ৰকৃতিৰ একৰুপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ সহায়তহে এটা যথাৰ্থ সাৰ্বিক বচনৰ আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰিব পাৰি, সেয়েহে এই দুই বিধিক আগমনৰ আকাৰগত ভিত্তি বোলে।
প্ৰশ্ন:- প্ৰকৃতিৰ একৰুপতা বিধিৰ বিষয়ে লিখা।
Ans:- প্ৰকৃতিৰ একৰুপতা বিধিটোক তৰ্কবিদসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰিলেও ইয়াৰ মূল অৰ্থ এয়ে যে একে অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। নিদিষ্ট পৰিস্থিতিত একোটা প্ৰাকৃতিক ঘটনাই সদায় একেদৰে আচৰণ কৰে। এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা এটাই একে বিশেষ পৰিস্থিতিত উদ্ভব হ'লে ঘটনাটোৰ পুনৰাবৃত্তি হ'ব। প্ৰকৃতিত আমি এনে কিছুমান ঘটনা পত্যক্ষ কৰো যিবোৰৰ পুনৰাবৃত্তি আমি সদায় দেখি আহিছো । উদাহৰণ হিছাপে , সূৰ্য উদয় হোৱাৰ লগে লগে গোটেই জগতখন পোহৰ হৈ উঠে, অস্ত যোৱাৰ লগে লগে আন্ধাৰে আৱৰি ধৰে। জুন, জুলাই মাহত পৰিবেশ খুব গৰম আকৌ ডিচেম্বৰ, জানুৱাৰী মাহত ঠাণ্ডা অনুভব কৰো। শীতকালত গছ-বিৰিখৰ পাতবোৰ সৰি যায় আকৌ বসন্তকালত নতুন নতুন কুঁহিপাত মেলে। সূৰ্য অতীতত পূৱফালে উদয় হৈছিল, বৰ্তমানেও হৈ আছে, সেয়েহে প্ৰকৃতিৰ একৰুপতা বিধি মতে আমি ক'ব পাৰো যে ভবিষ্যতেওত সূৰ্য পূবফালেই উদয় হ'ব। অতীতত যদি পানীক তাপ দিলে ভাব হৈছিল, ভবিষ্যতেও পানীক তাপ দিলে ভাপ হ'ব।
Comments
Post a Comment