Lesson:- আগমনৰ ভিত্তি :-

  Lesson:- আগমনৰ ভিত্তি :-


প্ৰশ্ন:- আগমনৰ বস্তুগত ভিত্তি কাক বোলে ?

Ans:- বিশেষ বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হ'বলৈ হ'লে আৰু ইয়াৰ বস্তুগত সত্যতা প্ৰতিষ্টা কৰিবলৈ হ'লে আগমনে যিবোৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে , সেই প্ৰক্ৰিয়াবোৰক আগমনৰ বস্তুগত ভিত্তি বোলে।


প্ৰশ্ন:- প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা? ইয়াক আগমনৰ আকাৰগত ভিত্তি বুলি কিয় কোৱা হয়?

Ans:- প্ৰকৃতিৰ একৰূপতা বিধি মানে হ'ল একে অবস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। 

           আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এটা সাৰ্বিক সিদ্ধান্তত উপনীত হোৱা যায়। এই সিদ্ধান্ত পৰ্যবেক্ষণৰ জৰিয়তে সকলো সময়তে সিদ্ধান্তত হ'ব নোৱাৰি। প্ৰকৃতিৰ একৰুপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ সহায়তহে এটা যথাৰ্থ সাৰ্বিক বচনৰ আকাৰগত সত্যতা প্ৰতিষ্ঠা কৰিব পাৰি, সেয়েহে এই দুই বিধিক আগমনৰ আকাৰগত ভিত্তি বোলে।


প্ৰশ্ন:- প্ৰকৃতিৰ একৰুপতা বিধিৰ বিষয়ে লিখা।

Ans:- প্ৰকৃতিৰ একৰুপতা বিধিটোক তৰ্কবিদসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰিলেও ইয়াৰ মূল অৰ্থ এয়ে যে একে অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে। নিদিষ্ট পৰিস্থিতিত একোটা প্ৰাকৃতিক ঘটনাই সদায় একেদৰে আচৰণ কৰে। এক বিশেষ পৰিস্থিতিত ঘটা ঘটনা এটাই একে বিশেষ পৰিস্থিতিত উদ্ভব হ'লে ঘটনাটোৰ পুনৰাবৃত্তি হ'ব। প্ৰকৃতিত আমি এনে কিছুমান ঘটনা পত্যক্ষ কৰো যিবোৰৰ পুনৰাবৃত্তি আমি সদায় দেখি আহিছো । উদাহৰণ হিছাপে , সূৰ্য উদয় হোৱাৰ লগে লগে গোটেই জগতখন পোহৰ হৈ উঠে, অস্ত যোৱাৰ লগে লগে আন্ধাৰে আৱৰি ধৰে। জুন, জুলাই মাহত পৰিবেশ খুব গৰম আকৌ ডিচেম্বৰ, জানুৱাৰী মাহত ঠাণ্ডা অনুভব কৰো। শীতকালত গছ-বিৰিখৰ পাতবোৰ সৰি যায় আকৌ বসন্তকালত নতুন নতুন কুঁহিপাত মেলে। সূৰ্য অতীতত পূৱফালে উদয় হৈছিল, বৰ্তমানেও হৈ আছে, সেয়েহে প্ৰকৃতিৰ একৰুপতা বিধি মতে আমি ক'ব পাৰো যে ভবিষ্যতেওত সূৰ্য পূবফালেই উদয় হ'ব। অতীতত যদি পানীক তাপ দিলে ভাব হৈছিল, ভবিষ্যতেও পানীক তাপ দিলে ভাপ হ'বই। আকস্মিক পৰিস্থিতিৰ যদি উদ্ভব নহয়, প্ৰকৃতিয়ে নিয়ম কেতিয়িও ভংগ নকৰে। 


প্ৰশ্ন:- আগমনৰ বিৰোধাভাসৰ বিষয়ে লিখা।Ans:-প্ৰকৃতিৰ একৰুপতা ভিধি সম্বন্ধে মিলৰ পৰম্পৰ বিৰধী মতবাদকে আগমনৰ বিৰোধাভাস বোলে। মিলৰ মতে, প্ৰকৃতিৰ একৰুপতা বিধীত সকলো আগমনৰ এক আকাৰগত ভিত্তি আৰু পূৰ্বস্বীকাৰ্য। মিলে প্ৰকৃতিৰ একৰুপতা বিধীটোক যদিও পূৰ্বস্বীকাৰ্য স্বতঃসিদ্ধ বুলি কৈছে, তথাপিও অন্য এক প্ৰসংগত সৰল গণনাভিত্তিক আগমনৰ ফল বুলি অভিহিত কৰিছে । দেখা গ'ল যে এবাৰ মিলে প্ৰকৃতিৰ একৰুপতা বিধিটোক পূৰ্বস্বীকাৰ্য আৰু এবাৰ সিদ্ধান্ত বুলি ক'লে। কিন্তু একে সময়তে একেতা বস্তু 'পূৰ্বস্বীকাৰ্য ' আৰু সিদ্ধান্ত হ'ব নোৱাৰে। গতিকে মিলৰ এই বিধিটো পৰম্পৰ বিৰোধযুক্ত। একে সময়তে একেলগে ভিধিত 'ভিত্তি' আৰু 'ফল' হ'ব নোৱাৰে। সেয়েহে ইয়াত এটা দোষ ঘটিছে। এই দোষ হ'ল চক্ৰক দোষ ।

Comments

Popular posts from this blog

মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

পৰিসংখ্যা বিজ্ঞান মানে কিয় ?

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।