Lesson:- স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসম মাধ্যমিক শিক্ষা

 Lesson:-  স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসম মাধ্যমিক শিক্ষা  



প্ৰশ্ন:-অপাৰেচন ব্লেগবোৰ্ড মানে কি? 
Ans:- 'অপাৰেচন ব্লেগবোৰ্ড' হৈছে এখন আঁচনি যাৰদ্বৰা প্ৰাথমিক বিদ্যালয় সমুহত প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰাৰ ওপৰিও প্ৰতিখন স্কুলতে দুজন কৈ শিক্ষক (এগৰাকি মহিলা) নিয়োগৰ ব্যবস্থা কৰা হয়।

প্ৰশ্ন:- নবোদয় বিদ্যালয় বুলিলে কি বুজা?
Ans:- ৰাষ্টীয় শিক্ষা নিতীয়ে প্ৰদান কৰা পৰামৰ্শ অনুযায়ী গ্ৰাম্যঞ্চলৰ বৌদ্ধিকভাবে উন্নত ছাত্ৰই যাতে আৰ্থক অভাৱৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ ব্যবস্থা কৰা এক শ্ৰেণীৰ বিদ্যালয় হৈছে 'নবোদয় বিদ্যালয়'। উৎকৰ্ষ সাধন, গুণমানবিশিষ্টতা আৰু সামাজিক ন্যায় স্থাপন আদি নবোদয় বিদ্যালয়ৰ আদৰ্শ।

প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা?  নাইবা  :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।
Ans:- বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষমানৱশক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰনৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলকক অন্য উপায় দিয়াৰ ব্যবস্থা কৰা। শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰবনতা শক্তিশালী কৰা উচিত।

প্ৰশ্ন:-কঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰ(পৰামৰ্শবোৰ) উল্লেখ কৰা।
Ans:-কঠাৰী আয়োগে প্ৰতিবেদন খনৰ প্ৰথম বাক্যত ব্যক্ত কৰিছে যে শিক্ষানুষ্ঠানৰ শ্ৰেণী কক্ষসমূহতেই দেশৰ ভাগ্য নিৰ্মাণ কৰি থকা হৈছে। শিক্ষা সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ৰূপান্তৰ সাধনৰ স্বৰূপে প্ৰয়োগ কৰি জাতীয় লক্ষ্যত উপনিত হব লাগিব।
শিক্ষাৰ এনেদৰে বিকাকশ কৰিব লাগিব যাৰ যোগেদি আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব পাৰি,সামাজিক আৰু জাতীয় সংহতি স্থাপন কৰি তুলিব পাৰি, আধুনিকি কৰণ প্ৰক্ৰিয়া খৰতকীয়া কৰি তুলিব পাৰি আৰু সামাজিক, নৈতিক আৰু আধ্যত্মিক মূল্যবোধৰ ভাব গঢ় দি তুলিব পাৰি। যিবোৰ লক্ষ্য আৰু উদ্দেশ্য আগেয়ে চিনক্তকৰণ কৰি তুলিছে। সেইবোৰ হ'ল--
      ১) শিক্ষা আৰু উৎপাদন মুখিতা ।
      ২) শিক্ষা, সামাজিক আৰু জাতীয় সংহতি।
      ৩) শিক্ষা আৰু আধুনিকিকৰণ।
      ৪) সামাজিক,নৈতিক আৰু আধ্যাত্মিক                  মূল্যবোধ।

প্ৰশ্ন:- কোঠাৰী আয়োগৰ মাধ্যমিক শিক্ষাৰ গাথনিৰ বিষয়ে লিখা।
Ans:- কোঠাৰী আয়োগৰ মতে নিম্ন মাধ্যমিকৰ সাধাৰণ শিক্ষা ২বা৩ বছৰৰ বাবে আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা৩ বছৰলৈ। আনহাতে, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা ৩ বছৰলৈ।

প্ৰশ্ন:- জাতীয় শিক্ষা ব্যবস্থা বুলিলে কি বুজা?
Ans:-কোঠাৰী আয়োগে জাতীয় বিকাশৰ দিশত সফলতা অৰ্জন কৰিবৰ বাবে দেশৰ সমস্যা সমাধানৰ ক্ষমতা অকল শিক্ষাতহে নিহিত হৈ থকাৰ কথা অনুভব কৰে। সেইকাৰণে আয়োগে জাতীয় শিক্ষা ব্যবস্থাক ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সু-সংগঠিত কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

প্ৰশ্ন:- নবোদয় বিদ্যালয়ৰ চাৰিটা বৈশিষ্ট লিখা।
Ans:- ক)গ্ৰাম্যঞ্চলৰ ল'ৰা-ছোৱালীক উন্নত              শিক্ষা দিয়া।
          খ)বিনামুলীয়া শিক্ষা প্ৰদান।
         গ)দৰিৰ্দতাই বাধাগ্ৰস্ত কৰা সকলক শিক্ষা              সুযোগ।
          ঘ)নবোদয় বিদ্যালয় সম্পুশৰ্ণৰূপে
            আৱাসিক।

প্ৰশ্ন:- ১৯৮৬ চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ লক্ষ্যবোৰ কি আছিল?
Ans:- ক)নিৰ্দিষ্ট পৰ্যায় এটালৈকে ছাত্ৰ-ছাত্ৰী সকলে জাতি, বৰ্ণ, লিংগ, স্থান নিৰ্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।
          খ)উচ্চ শিক্ষা আৰু কাৰীকৰি শিক্ষা অনুষ্ঠানবোৰৰ মাজত আদান-প্ৰদানৰ ব্যবস্থা কৰিব লাগে।
          গ)সমগ্ৰহ দেশতে ১০+২+৩ শিক্ষা গাঁথনি প্ৰৱৰ্তন কৰিব লাগে।
          ঘ) পাঠ্যত্ৰম প্ৰস্তুতিৰ দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধৰ্ম নিৰপেক্ষতা আৰু এক শ্ৰেণীবিহীন সমাজ ব্যবস্থা গঢ় দি তুলিব লাগে।

প্ৰশ্ন:- আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা?
Ans:- শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্যমত যাতে বিকাশিত হব পাৰে তাক ব্যবস্থা লৱাৰ অৰ্থে সুষম খাদ্য,সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিয়া। লগতে সুসংহত শিশুবিকাশ সেৱা আঁচনি সম্ভব হলে কাৰ্যকৰী কৰা আৰু দুখীয়া শ্ৰেণীৰ কৰ্মৰত মহিলাৰ সমৰ্থিত সেৱাৰ আচনি হাতত লোৱা আগতীয়া বাল্য কালৰ যতন আৰু শিক্ষাই এই ড়েত্ৰত গুৰুত্ব দিয়ে।

প্ৰশ্ব:- মাধ্যমিক শিক্ষাৰ সমস্যশ আঁতৰাবোৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।
Ans:- ক)প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া।
         খ)পাঠ্যক্ৰমসূহ বাস্তৱ জীবনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিব লাগে।
         গ)মাধ্যমিক শিক্ষাত বৃত্তিমূখীকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। 
         ঘ)মাধ্যমিক শিক্ষাৰ বৈষয়িক অবস্থা উন্নত কৰিব লাগে।

প্ৰশ্ন:- শিক্ষাক উৎপাদন শীলতাৰ লগত সম্পৰ্কিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োবা পৰামৰ্শসমূহ কি কি আছিল?
Ans:-ক)কৰ্ম অভিজ্ঞাতা:- কোঠাৰী আয়োগ মত পোষণ কৰে যে কৰ্ম অভিজ্ঞাতা সাধাৰণ আৰু বৃত্তিমূলক সকলবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে।
     খ)বিজ্ঞান ভিত্তক শিক্ষা:- বিজ্ঞান শিক্ষা স্কুলিয়া শিক্ষাৰ অংগস্বৰূপ হ'ব লাগে। বিজ্ঞান প্ৰয়োগৰ যোগেদি দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি কৰি তুলিব লাগে 
     গ)বৃত্তিমুখী কৰণ:-উৎপাদনমুখী শিক্ষাৰ বিকাশৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালি কৰা উচিত।
     ঘ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধান:- আয়োগৰ মতে, দেশৰ জাতীয় অৰ্থনীতি পৰিকল্পিতভাবে ভিকাশ কৰিবলৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষা উন্নত কৰিব লাগিবই।

প্ৰশ্ন:- মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত? 
Ans:-মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠ। বয়ঃসন্ধি কালৰ বাবে যি যি শিক্ষা ব্যবস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে।
           মাধ্যমিক শিক্ষাৰ স্তৰটো এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ স্তৰ। মাধ্যমিক শিক্ষাৰ মানব জীবনৰ বিকাশৰ তৃতীয় স্তৰটোৰ লগত জড়িত। এই স্তৰটো অৰ্থনৈতিক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ কাৰণে ইয়াৰ ওপৰত শিক্ষাবিদ সকলে অধিক মনযোগ দিছিল।

Comments

Popular posts from this blog

মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

পৰিসংখ্যা বিজ্ঞান মানে কিয় ?

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।