মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

 Class 12 Education Question Answer -

Long Questions and Answer 


প্ৰশ্ন:- মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত? 

Ans:-মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠ। বয়ঃসন্ধি কালৰ বাবে যি যি শিক্ষা ব্যবস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে।

           মাধ্যমিক শিক্ষাৰ স্তৰটো এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ স্তৰ। মাধ্যমিক শিক্ষাৰ মানব জীবনৰ বিকাশৰ তৃতীয় স্তৰটোৰ লগত জড়িত। এই স্তৰটো অৰ্থনৈতিক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ কাৰণে ইয়াৰ ওপৰত শিক্ষাবিদ সকলে অধিক মনযোগ দিছিল।


প্ৰশ্ন:- শিক্ষাক উৎপাদন শীলতাৰ লগত সম্পৰ্কিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োবা পৰামৰ্শসমূহ কি কি আছিল? 

ANS:-ক)কৰ্ম অভিজ্ঞাতা:- কোঠাৰী আয়োগ মত পোষণ কৰে যে কৰ্ম অভিজ্ঞাতা সাধাৰণ আৰু বৃত্তিমূলক সকলবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে।

     খ)বিজ্ঞান ভিত্তক শিক্ষা:- বিজ্ঞান শিক্ষা স্কুলিয়া শিক্ষাৰ অংগস্বৰূপ হ'ব লাগে। বিজ্ঞান প্ৰয়োগৰ যোগেদি দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি কৰি তুলিব লাগে 

     গ)বৃত্তিমুখী কৰণ:-উৎপাদনমুখী শিক্ষাৰ বিকাশৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালি কৰা উচিত।

     ঘ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধান:- আয়োগৰ মতে, দেশৰ জাতীয় অৰ্থনীতি পৰিকল্পিতভাবে ভিকাশ কৰিবলৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষা উন্নত কৰিব লাগিবই।


প্ৰশ্ব:- মাধ্যমিক শিক্ষাৰ সমস্যশ আঁতৰাবোৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।

Ans:- ক)প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া।

         খ)পাঠ্যক্ৰমসূহ বাস্তৱ জীবনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিব লাগে।

         গ)মাধ্যমিক শিক্ষাত বৃত্তিমূখীকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। 

         ঘ)মাধ্যমিক শিক্ষাৰ বৈষয়িক অবস্থা উন্নত কৰিব লাগে।





Class 12 Logic and philosophy Question Answer -


প্ৰশ্ন:- কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ বিষয়ে চমু টোকা লিখা।


Ans:- একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটি জটিল কাৰ্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। উদাহৰণ স্বৰূপে , এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহু কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ।

         পানী,চেনি, চাহপাত , গাখীৰ, আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি। প্ৰথম উদাহৰণটোত কেইজনমান খেলুবৈৰ সন্মিলিত চেষ্টাত মেচখন জিকা কাৰ্য সম্পাদিত হৈছে। দ্ধিতীয় উদাহৰণটোত কেইবাটাও উপাদান সমন্বয়ত চাহ প্ৰস্তুত কৰা কাৰ্য সম্পাদিত হৈছে। সেয়েহে খেলুবৈ কেইজনৰ সন্মিলিত চেষ্টা আৰু কেইবাটাও উপাদনৰ সমন্বয় এই দুয়োটাই কাৰণ সমন্বয় বা কাৰণ সংযোজন।

           সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্যৰ সংমিশ্ৰণ বোলে।উদাহৰণ স্বৰূপে, এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজন নহয় বহুত কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ। খেলুবৈকেইজনৰ দক্ষতা এজন এজনকৈ নাথাকি সন্মিলিতভাবে কাৰ্যটোত সংমিশ্ৰিত হৈ পৰিছে। চাহ প্ৰস্তুত কৰোতে উপাদানবোৰ বেলেগ বেলেগ নাথাকি একত্ৰিতভাবে কাৰ্যটো সম্পাদন কৰিছে। গতিকে মেচখন জিকা আৰু চাহ প্ৰস্তুত কৰা দুয়োটাই কাৰ্য সংমিশ্ৰণ।



প্ৰশ্ন:- কাৰণৰ সংজ্ঞা লিখা । নাইব: মিলৰ কাৰণৰ সংজ্ঞা লিখা। 


Ans:- মিলৰ প্ৰথম সংজা অনুযায়ী ঘটনা বা ঘটনাবলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো ঘটনা এটা নিয়মভাবে আৰু চৰ্তহীনভাবে সংঘটিত হয় তেনেহ'লে পূৰ্ববৰ্তী ঘটনাক কাৰণ আৰু পৰবৰ্তী ঘটনাক কাৰ্য বোলে। 

              দ্বিতীয় সংজ্ঞা অনুযয়ী কাৰণ হ'ল সদৰ্থক আৰু নঞৰ্থক উপকাৰণৰ সমষ্টি।



Comments

Popular posts from this blog

পৰিসংখ্যা বিজ্ঞান মানে কিয় ?

Class 12 Education Answer প্ৰশ্ন:-শিক্ষা বৃত্তিমূখীকৰণ বুলিলে কি বুজা? নাইবা :-কোঠাৰী আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবৰাইছিল লিখা।