পৰিসংখ্যা বিজ্ঞান মানে কিয় ?
প্ৰশ্ন:- পৰিসংখ্যা বিজ্ঞান মানে কিয় ?
Ans:- যি বিজ্ঞানে বা জ্ঞানৰ শাখাই সংখ্যামূলক তথ্য ঘটনা সংগ্রহ কৰি তাক তুলনামূলক ভাৱে সুসংবদ্ধ কৰে বিশেষভাৱে সেইবােৰক উপস্থাপন কৰি তাৰ বিশ্লেষণ আৰু তাৎপৰ্য ব্যাখ্যা কৰে তাক পৰিসংখ্যা বিজ্ঞান বলে । পৰিসংখ্যাবিজ্ঞানৰ প্রধান কাম হল সংখ্যামূলক তথ্য সংগ্রহ আৰু তাক সংখ্যাৰ সহায়ত প্রকাশ কৰা ।
প্ৰশ্ন:- গড়ৰৰ সুবিধা আৰু অসুবিধা বিষয়ে লিখা ।
Ans:- গড়ৰ সুবিধা :-
• গড়ৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া ।
• গড়ে সকলাে ৰাশিকে প্রতিনিধিত্ব কৰে ।
• গড় কেন্দ্রীয় প্রৱণতাৰ এক নিৰ্ভৰযােগ্য জোখ ।
• গাণিতিক গড়ৰ অনেক বীজগাণিতিক ব্যৱহাৰ আছে ।
• গড় এক সুস্থিৰ জোখ ।
= গড়ৰ অসুবিধা :-
• কেৱল পর্যবেক্ষণৰ পৰাই গাণিতিক গড় নির্ণয় কৰিব নােৱাৰি ।
•চৰম মানৰ প্রতি গড় সংবেদশীল ।
•অতি বেছি পৰিমাণে অসমমিত বিতৰণৰ ক্ষেত্ৰত কেন্দ্রীয় প্রৱণতাৰ জোখ হিচাবে গড় প্রশস্ত নহয় ।
প্ৰশ্ন:- মধ্যমা কাক বোলা হয় ?
Ans:- মধ্যমা ( Median ) :
কেন্দ্রীয় প্রৱণতাৰ দ্বিতীয় জোখ হৈছে মধ্যমা বিন্যস্ত সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰফালে মুঠ ৰাশিৰ আধাভাগ আৰু তললৈ বাকী আধা ভাগ থাকে ।
প্ৰশ্ন:- মধ্যমাৰ সুবিধা আৰু অসুবিধা বিষয়ে লিখা ।
Ans:- মধ্যমাৰ সুবিধাঃ
( ১ ) মধ্যমা নির্ণয় কৰিবলৈ বৰ সহজ।ৰাশিসমূহ একাদিক্রমে সজাই লৈ সহজে মধ্যমা নির্ণয় কৰিব ।
( ২ ) মধ্যমা চৰম মানৰ প্রতি সংবেদনশীল নহয় ।
( ৩ ) সীমামূৰীয়া দুই - এটা সামগ্ৰীৰ আচল মান দিয়া নাথাকিলেও মধ্যমা নির্ণয় কৰিবা ।
( ৪ ) চৰম মানযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত মধ্যমা গড়তকৈ নিৰ্ভৰযােগ্য জোখ ।
( ৫ ) সামগ্রী শ্ৰেণীৰ প্রকৃত মধ্যবিন্দু উলিয়াবৰ বাবে মধ্যমা উপযুক্ত জোখ ।
মধ্যমাৰ অসুবিধাঃ
১ ) মধ্যমাৰ কোনাে বীজগণিতীয় মূল্য নাই ।
( ২ ) গড়তকৈ মধ্যমাৰ নিৰ্ভৰযােগ্যতা কম ।
( ৩ ) মধ্যমা নির্ণয় কৰােতে আটাইবিলাক ৰাশিৰ মান বিবেচনা কৰা নহয় ।
প্ৰশ্ন:- বহুলক কাক বোলা হয় ?
Ans:- বহুলক ( Mode ) : বহুলক কেন্দ্রীয় প্রৱলতাৰ তৃতীয় জোখ । সামগ্রী শ্ৰেণীত যিটো ৰাশিআটাইতকৈ বেছিবাৰ থাকে সেই ৰাশিটোৱেই হৈছে বহুলক।
প্ৰশ্ন:- বহুলক সুবিধা আৰু অসুবিধা কেইটামান উল্লেখ কৰা ।
Ans:- বহুলক সুবিধা :
• বহুলক নির্ণয় কৰাটো সহজ আৰু সহজে বুজিব পাৰি ।
• চৰম ৰাশিৰ মানৰ কৰােতে প্রত্যেকটো ৰাশি জনাৰ প্ৰয়ােজন নহয় ।
বহুলকৰ অসুবিধা :
• বহুলক সংজ্ঞা স্পষ্ট আৰু কটকটীয়া নহয় ৷ কোনাে বিভাজনৰ বহুলক নাথাকিবও পাৰে ।
• বাৰংবাৰতা বিভাজনৰ শ্ৰেণী দৈর্ঘ্যৰ সলনি কৰিলে বহুলকৰ সলনি হ'ব পাৰে ।
প্ৰশ্ন:- ভেদ্যতাৰ জোখ কেই প্ৰকাৰৰ আৰু কি কি?
Ans:- ভেদ্যতাৰ জোখ চাৰিবিধ -
( ক ) প্রসাৰ ( Range )
( খ ) গড় বিচ্যুতি ( Arrange or Mean Diviation ) ( গ ) চতুর্থক বিচ্যুতি ( Quartile Deviation )
( ঘ ) মানক বিচ্যুতি ( Standard Deviation )
প্ৰশ্ন :- প্ৰসাৰ কাক বোলা হয় ? উদাহৰণ দি বুজাই লিখা
Ans:- প্রসাৰ ( Range ) : প্রসাৰ হ’ল ভেদ্যতাৰ আটাইতকৈ সৰল জোখ । সামগ্ৰীৰ উচ্চতম আৰু নিম্নতম মানৰ পাৰ্থক্যকে প্রসাৰ বুলি কোৱা হয় ।উদাহৰণ স্বৰূপে 58 , 59 , 60 , 62 , 63 , 65 , 68 , 69 , 70 এই ৰাশি কেইটাৰ উচ্চতম ৰাশি 70 আৰু নিম্নতম ৰাশি 58 ।
প্রসাৰ = 70 - 58 = 12
প্ৰশ্ন:- প্ৰসাৰৰ সুবিধা আৰু অসুবিধা লিখা ।
Ans:- প্ৰসাৰৰ সুবিধা :
( ১ ) প্রসাৰ নির্ণয় কৰা বৰ সহজ ।
২ ) দুই মূৰৰ দুটা ৰাশি জানিলেই প্ৰসাৰ নির্ণয় কবিৱ পাৰি ।
৩ ) ৰাশিসমূহৰ ব্যাপক তাৎপৰ্য্য বিচাৰৰ প্রয়ােজন নাই বা প্রসাৰৰ দ্বাৰাই ৰাশিৰ বিচ্যুতিৰ ধাৰণা লাভ কৰিব পাৰি ।
প্ৰসাৰৰ অসুবিধা :
( ১ ) প্রসাৰ বৰ নিৰ্ভৰযােগ্য জোখ নহয় ।
কথনদক্ষতাৰ অনুশীলন :
কথন দক্ষতাৰ ক্ষেত্ৰত ছাত্র - ছাত্রীসকলে কিছুমান বিষয়ৰ অনুশীলন কৰিব লাগে । কথন দক্ষতাৰ অভ্যাস কৰিবলৈ কথা আৰু ইয়াৰ কোৱাশৈলী শিকিব লাগিব । কাৰণ আমি তেতিয়ালৈ কোনাে ভাষা ভালদৰে ক'ব নােৱাৰাে বা যদিহে ভাষাটোৰ অন্তঃভাগলৈ যাব নােৱাৰাে । অর্থাৎ ভাষাৰ গঠন , প্রকৃতি আদিৰ বিষয়ে নাজানিলে বা জানিবলৈ আগ্রহ প্রকাশ নকৰিলে অভ্যাসেও কাম নিদিয়ে । মাতৃভাষাই হওক বা আন ভাবাই হওক কওঁতাই যিমান দ্রুতগতিৰে নিজৰ ভাষাটো ক'বলৈ দক্ষতা অর্জন কৰিব সিমান দ্রুতগতিৰে তাক লিখিব ৰা পঢ়িৰ নােৱাৰে । কাৰণ কথন বিদ্যাটো আমাৰ অতি সােনকালে বা প্রথম অৱস্থাতেই জ্ঞাত হয় । সেইবাবে ছাত্র - ছাত্রীক কথা - বতৰা কোৱাৰ অভ্যাস সৰুৰে পৰাই বৰ লাগে । কথা - বতৰাৰ অভ্যাস করােতে ব্যাকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিব নালাগে বা ব্যাকৰণৰ নীতি নির্ধাৰণ কৰাও উচিত নহয় । কাৰণ মুক্তভাৱে ছাত্ৰ - ছাত্ৰীক কথনভংগীৰ অভ্যাস কৰালে তেওঁলােকৰ মনৰ কথা স্বতঃস্ফূর্তভাৱে আনৰ আগত ব্যক্ত কৰিবলৈ সক্ষম হ'ব ।
Comments
Post a Comment