Posts

Showing posts with the label Class 12 Advance Assamese

জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতা সকলক আনন্দৰামে কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল?

 ১/ জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতা  সকলক আনন্দৰামে কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল? উত্তৰ:-  আনন্দৰাম বৰুৱাই প্ৰকৃত জ্ঞানৰ অধিকাৰী হৈ জন্মলাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিছিল। জন্মদাতা, লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতা সকল দেশ বা সমাজৰ প্ৰতি কৃতজ্ঞ আছিল। দেশে-বিদেশে শিক্ষা লাভ কৰি অগাধ পণ্ডিত  হৈ উঠা বা ৰজাঘৰীয়া ডাঙৰ বিষয় পোৱা সত্ত্বও তেওঁৰ সেইসকলৰ প্ৰতি থকা ভক্তি আৰু কৃতজ্ঞতা কমা নাছিল। সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিত সকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লিখিছিল। তথাপি তেওঁ দুৰ্লভে  শ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল। এনেদৰেই আনন্দৰামে জন্ম দিওঁতা আৰু ডাঙৰ-দীঘল কৰোঁতা সকলৰ প্ৰতি ভক্তি আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছিল।